English | Hindi (हिन्दी) | Assamese (অসমীয়া)

ক’ভিড-১৯: ভাৰতবৰ্ষ

কোনকৈখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ ক’ভিড-১৯ৰ পৰা বৰ্ত্তমানেলৈ সফল হৈছে?

 
 

যিবোৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ ক’ভিড-১৯ৰ পৰা বৰ্ত্তমানে সফল হৈছে (”গ্ৰীণ জ’ন”)

ৰেখাচিত্ৰত দেখুৱাইছে: সময়ৰ প্ৰগতিত দৈনিক ক’ভিড-১৯ৰ নতুন পজিতিভ সংখ্যা, সাদিনৰ গড়ৰ সৈতে

তথ্যৰ উৎস: Covid19India.org

তলত সবিশেষ চাওক

যিবোৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ সফলতাৰ ফালে আগ বাঢ়িব ধৰিছে (”য়েল্লো জ’ন”)

যিবোৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে সফলতাৰ বাবে কৰ্মসূচী কৰা উচিত (”ৰেড্ জ’ন”)


 
 
 

 

সফলতাৰ বাবে কৰ্মসূচী

 
icon_act_early.jpg

খৰধৰ কৰক

“অধিক তথ্য” বা জটিল মডেলসমূহৰ ফলাফলৰ বাবে ৰৈ নাথাকিব। ক’ভিড-১৯ৰ বিষয়ে কাম আৰম্ভ কৰিবলৈ এতিয়াও বহুত পলম হোৱা নাই৷ যিমান সোনকালে কাম কৰিব, সিমানেই সোনকালে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ উভতি আহিব৷

icon_isolate_away.jpg

আক্ৰান্ত ব্যক্তিসকলক আছুতীয়াকৈ ৰাখক

আক্ৰান্ত ব্যক্তিসকলক পৰিয়ালৰ পৰা আছুতীয়াকৈ ৰাখিব পৰাৰ প্ৰয়োজনীয় সা-সুবিধা কৰাই দিয়ক৷ মনত ৰাখিব, ৱুহানৰ প্ৰায় ৮০% সংক্ৰমণ ঘৰৰ ভিতৰতেই হৈছিল।

icon_travel.jpg

ভ্ৰমণত কঠোৰ বাধা আৰোপ

সেউজ বা নিৰাপদ এলেকাৰ (গ্ৰীণ জ’ন) ক্ষেত্ৰত, য’ত গণ-সংক্ৰমণ একেবাৰে নাই বা সামান্য পৰিমাণে আছে, তাত মানুহৰ চলা-ফুৰা নিয়ন্ত্ৰণ কৰাৰ লগতে দোকান-পোহাৰ, বজাৰ-সমাৰ আদি খোলি দিয়াৰ ব্যৱস্থা কৰক৷ ৰঙা ৰঙৰ বা বিপদজনক এলেকাৰ (ৰেড জ’ন) বাসিন্দাসকলৰ বৰ্হি ভ্ৰমণ নিষেধ কৰক যাতে সেই এলেকাৰ বাহিৰলৈ সংক্ৰমণ বিয়পিব নোৱাৰে৷ লগতে ভাইৰাছটো বিয়পোৱাৰপৰা হাত সাৰিবলৈ অত্যাৱশ্যকীয় যাত্ৰা কৰাসকলক বাধ্যতামূলকভাৱে আছুতীয়াকৈ ৰখাৰ প্ৰয়োজন৷

 
icons_testing.jpg

ব্যাপক পৰীক্ষণ

আক্ৰান্ত ব্যক্তিৰ চিনাক্তকৰণ আৰু আছুতীয়াকৰণৰ বাবে ব্যাপক হাৰত পৰীক্ষা কৰাৰ প্ৰয়োজন৷

icon_masks.jpg

সকলোৰে বাবে পৰিষ্কাৰ বায়ু

সংক্ৰমণ কমাবৰ বাবে সকলোৱে মুখত মাস্ক পৰিধান কৰাটো হৈছে এক সহজ, কমখৰচী আৰু অতি ফলদায়ক পদক্ষেপ।

সংক্রমণ কমাবৰ বাবে ঘৰৰ ভিতৰত বায়ু চলাচল উন্নত কৰাটোও গুৰুত্বপূৰ্ণ।

icon_distancing.jpg

সামাজিক দূৰত্ব পালন অব্যাহত ৰাখক

জনবহুল এলেকাৰপৰা আঁতৰত থাকক আৰু একেবাৰে ওচৰৰ মানুহৰ পৰা যিমানদূৰ সম্ভৱ দূৰত্ব বজাই ৰাখক। বৃদ্ধ, মাত্ৰাধিক ওজন থকা, প্ৰতিৰোধ ক্ষমতা কম থকা ব্যক্তিসকল সহজেই আক্ৰান্ত হ’ব পাৰে৷ সেয়ে, পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে তেওঁলোকক আটাইতকৈ শেষতহে সমাজত পুনৰ মিলা-মিছা কৰিবলৈ দিব লাগে৷

 
icon_patience.jpg

ধৈৰ্য্য ধৰক । অতি সোনকালেই শিথিল নকৰিব

সময়তকৈ আগতেই সকলো শিথিল কৰি দিলে পুনৰ ব্যাপক সংক্ৰমণ ঘটিব পাৰে৷ ফলত ইতিমধ্যে লকডাউনৰপৰা পোৱা সুফলসমূহ নিমিষতে শেষ হৈ যাব৷ ই মৃত্যুৰ সংখ্যা বৃদ্ধি কৰাই নহয়, চিকিৎসা সেৱাৰ ওপৰত অত্যধিক চাপ বঢ়োৱাৰ লগতে পুনৰ আন এক লকডাউন দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি কৰিব।

Capture.PNG

সংস্পৰ্শৰ শুংসূত্ৰ অনুসন্ধান ব্যৱস্থাৰ প্ৰৱৰ্তন

সংস্পৰ্শৰ শুংসূত্ৰ অনুসন্ধান কৰিবলৈ মানুহ নিয়োগ কৰাৰ লগতে এনে অনুসন্ধানৰ বাবে উপযুক্ত প্ৰযুক্তিৰ ব্যৱহাৰ কৰিলে মানুহৰ জীৱন ৰক্ষাই নহয়, লগতে সংস্থাপনৰো সৃষ্টি কৰিব আৰু স্বাভাৱিক অৱস্থা শীঘ্ৰেই ঘূৰি আহিব।

 

প্ৰায়েই মনলৈ অহা প্ৰশ্ন

 

শ্ৰেণীকৰণৰ নীতিসমূহ কি কি?

ভাইৰাছটো সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত ৰাখিবলৈ হ'লে দৈনিক নতুন ৰোগীৰ সংখ্যা শূন্য হ'বহি লাগিব। সেউজ ৰাজ্যসমূহ হয় সেইটো স্তৰত আছে নতুবা ইয়াৰ অতি ওচৰে-পাজৰেই আছে। হালধীয়া ৰঙৰ ৰাজ্যবোৰে যথোচিত সময়ত সেই স্তৰ পাবগৈ। সেইবোৰ সেউজীয়া স্তৰ পাবলৈ আক্ৰান্তৰ সংখ্যা আৰু কমাব লাগিব।ৰঙা ৰাজ্যবোৰ হয় ভুল দিশেৰে গৈ আছে নহয়বা স্থিতাৱস্থাত আছে নতুবা অতি লেহেমীয়া গতিত সংক্ৰমণ কমিছে৷ যদিওবা কিছুমান হালধীয়া হেলনীয়া ৰেখা ৰঙা ৰঙৰ ৰেখাৰ দৰে দেখাত একে যেন লাগে, তথাপি দৈনিক নতুন ৰোগীৰ মুঠ সংখ্যা তুলনা কৰিলেই দুয়োৰে শ্ৰেণীকৰণৰ পাৰ্থক্যসমূহ প্ৰায় স্পষ্ট হৈ পৰে।

কিয় জনমূৰি অনুসৰি ৰোগীৰ সংখ্যা দেখুওৱা নহয়?

জনমূৰি হিচাপত কিমান সংক্ৰমণ হৈছে (যেনে ধৰক – এক লাখ জনসংখ্যাৰ বিপৰীতে ৰোগীৰ সংখ্যা) সেইটো এটা গুৰুত্বপূৰ্ণ মাপকাঠি। অৱশ্যে ভাইৰাছটো সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ কথা যেতিয়া আহে, তেতিয়া দৈনিক নতুন সংক্ৰমণৰ সংখ্যা শূন্য হ’বই লাগিব৷ জনসংখ্যাৰ কিমান অংশ বা শতাংশ সংক্ৰমিত হৈছে সেইটো বিচাৰ্য্য বিষয় নহয়৷ যদি কোনো এটা অঞ্চলত দৈনিক এশটা নতুন সংক্ৰমণ হৈছে অৰ্থাৎ দৈনিক এশগৰাকী নতুন ব্যক্তিৰ সংক্ৰমণ ধৰা পৰিছে, তেনেহ’লে ই ভাইৰাছটো বিয়পি পৰাৰ কাৰণে বহু সুৰুঙা উলিয়াই দিছে, লাগিলে মুঠ জনসংখ্যা এক লাখেই হওক বা এক কোটিয়েই নহওক কিয়৷

 

সকলো ৰেখাচিত্ৰৰ শীৰ্ষবিন্দু কিয় সম উচ্চতাত আছে?

ৰাজ্যসমূহৰ তথ্যসমূহ ভালদৰে দাঙি ধৰাৰ উদ্দেশ্যেই এই ৰেখাচিত্ৰসমূহ সেইধৰণেৰে মিলাই লোৱা হৈছে। উলম্ব অক্ষডালত অংকবোৰ কোনো বিশেষ নিয়ম নমনাকৈ দিয়া হৈছে যাতে গ্ৰাফৰ আকাৰবোৰ স্পষ্ট হৈ উঠে আৰু তুলনা কৰিবলৈ সহজ হয়৷ লক্ষ্য কৰিলে দেখা যায় যে ক’ভিড-১৯ৰ বিৰুদ্ধে সফল হোৱা ৰাজ্যসমূহত কঠোৰ বাধা-নিষেধৰ ফলত মাত্ৰ ৫-৭ সপ্তাহৰ ভিতৰতে বেছিভাগেই ঘটনাৰপৰা হাত সাৰি থাকিব পাৰিছে৷ এই তথ্যসমূহৰপৰা প্ৰতীয়মান হৈছে যে আধৰুৱা ব্যৱস্থাপনাসমূহ ফলপ্ৰসূ নহয়।

অধিকাংশ নিশ্চিত আক্ৰান্তৰ তথ্য অসত্য নহয়তো? এয়া বিশ্বাসযোগ্য হয়নে?

যদিওবা প্ৰকৃত সংখ্যাৰ ক্ষেত্ৰত কিছু পৰিমাণৰ অনিশ্চয়তা আছে, তথাপি আমি ক'ব পাৰোঁ যে কাৰ্যপন্থাৰ সিদ্ধান্ত ল’বলৈ সেইবোৰ ইমান প্ৰাসংগিক নহয়। ধৰি লোৱা হ‌ওক, পৰীক্ষাসমূহ এইদৰে কৰা হ'ল যে ইয়াৰ দ্বাৰা আপুনি ৰোগীসকলৰ মাত্ৰ ১০%হে ধৰা পেলাব পাৰিলে। ইয়াৰ দ্বাৰা ৰেখাবোৰৰ ঢালসমূহৰ কেৱল ১০ অনুপাতহে নিম্নমুখী হ'ব, য'ৰপৰা ৰেখাবোৰৰ আকৃতিৰ সালসলনি নহয়। যদি সময়ৰ বিপৰীতে পৰীক্ষাৰ সংখ্যাৰ দ্ৰুত বৃদ্ধি হয়, তেন্তে আক্ৰান্তৰ আচল সংখ্যা অধোগামী হৈ থাকিলেও প্ৰকৃত ৰোগীৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনীয়তাই থাকে। এনেক্ষেত্ৰত কেইদিনমানৰ সময় বিন্যাস পৰিৱেশনৰ পৰিৱৰ্তে ১০ দিনৰ গড় নিৰূপণে এই হিচাপসমূহৰ আকাৰ কমাই অনাত সহায় কৰে।

 

বেলেগ বেলেগ ৰাজ্যৰ পৰীক্ষণৰ হাৰ বেলেগ বেলেগ৷ সংক্ৰমণৰ সংখ্যা বঢ়াটো বেছিকৈ পৰীক্ষা কৰাৰ বাবে হোৱা নাইতো?

ক’ভিড-১৯ ৰোগীৰ নিশ্চিত সৰ্বমুঠ সংখ্যা নিৰূপণৰ ক্ষেত্ৰত প্ৰধানকৈ দুটা কাৰক গুৰুত্বপূৰ্ণ। প্ৰথমটো হ'ল, জনসমুদায়টোৰ মাজত মুঠ সংক্ৰমণৰ সংখ্যা আৰু দ্বিতীয়টো হ'ল, ক’ভিডৰ পৰীক্ষণ কিমান কৰা হৈছে। অতি সংক্ৰমিত এলেকাত পৰীক্ষাৰ হাৰ যথেষ্ট নোহোৱাৰ বাবেও আক্ৰান্ত ৰোগীৰ প্ৰকৃত হিচাপ কম হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে, কিমান পৰীক্ষা কৰা হ’ল আৰু কিমান সংক্ৰমণ ধৰা পৰিল, এটা অতি গুৰুত্বপূৰ্ণ কাৰক।

লকডাউনবোৰে অৰ্থনীতিত আঘাত কৰে আৰু পৰিণতিত ই অসংখ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত কোনো পদক্ষেপ লোৱাৰ সময়ত কৰ্মসংস্থাপনহীনতা, মানসিক চাপ আৰু দীৰ্ঘকালীন অৰ্থনৈতিক ক্ষতি ইত্যাদি দিশসমূহত গুৰুত্ব আৰোপ কৰাটো আৱশ্যক।

এইটো নিঃসন্দেহেই সত্য। এইক্ষেত্ৰত কেৱল ব্যক্তি আৰু সম্প্ৰদায়ৰ শাৰীৰিক স্বাস্থ্যই নহয়, তাৰ সমান্তৰালকৈ আন কিছুমান কাৰকেও ক্ৰিয়া কৰে।

তৎসত্বেও কেইবা সপ্তাহজুৰি বাহাল ৰখা অৰ্থনৈতিক অৱৰোধ ঐতিহাসিকভাৱে প্ৰমাণিত পৰিস্থিতি মোকাবিলা কৰাৰ কৌশল‌। এটা হ্ৰস্বকালীন, কঠোৰ লকডাউনে অৰ্থনীতি আৰু জনগণৰ স্বাস্থ্য এই দুয়োটাই সুৰক্ষিত কৰিব পাৰে। যদিহে এই লকডাউন বিশেষ কামত নাহে আৰু নতুন আক্ৰান্তৰ সংখ্যা হ্ৰাস নহয়, তেন্তে লকডাউনটো উঠাই দিয়াৰ পৰিৱৰ্তে ইয়াক অধিক দৃঢ় কৰাৰ পদক্ষেপ ল'ব লাগে।

সময়তকৈ পূৰ্বেই পুনৰ মুকলি কৰি দিয়াৰ বাবত এখন দেশে যি মূল্য ভৰিব লগা হয় সেয়া অবিশ্বাস্যভাৱে অধিক। ব্যাপক হাৰৰ মৃত্যু, এক ধ্বংসপ্ৰাপ্ত চিকিৎসা ব্যৱস্থা আৰু অসংখ্য লকডাউনে বিস্তৃত ক্ষতিসাধন কৰে আৰু সেয়ে ইয়াক পৰিহাৰ কৰা নিতান্ত‌ই প্ৰয়োজনীয়।


অসমীয়ালৈ অনুবাদ: অক্ষয় জ্যোতি মহন্ত আৰু মৃদুল কুমাৰ শৰ্মা